Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors

মেইছেট মিডিয়া প্ৰাইভেট লিমিটেডৰ ব্যৱসায়িক বঁটা প্ৰদান

by | Mar 11, 2022

গুৱাহাটী 
সংখ্যালঘু সম্প্ৰদায়ৰ অৰ্থনৈতিক কাৰ্যকলাপ  তত্বাৱধানৰ বাবে সমৰ্পিত ভাৰতৰ প্ৰথম মিডিয়া আউটলেট মেইছেট মিডিয়া প্ৰাইভেট লিমিটেডে বৃহস্পতিবাৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় মেঘালয়ৰ (ইউ এছ টি এম) সহযোগত অনুষ্ঠিত গোলমেজ এডুপ্ৰেনিউৰ সন্মিলনত ১১ তম ব্যৱসায়িক বঁটা প্ৰদান কৰিছে। 
সন্মিলনত ইউ এছ টি এমৰ উপাচাৰ্য মাহবুবুল হক আৰু পুনেৰ আজম চৌহদৰ প্ৰতিষ্ঠাপক সভাপতি পি এ ইনামদাৰক এডু ডক্টৰ বঁটা-২০২২, কৰ্ণাটকৰ শ্বাহিন গ্ৰুপৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ আব্দুল কাদিৰক এডুৰেনাৰ অফ দা ইয়েৰ বঁটা প্ৰদান কৰা হয়।
সন্মিলনত মুখ্য ভাষণ প্ৰদান কৰি ড০ ফ্ৰেংক এফ ইছলামে ভাৰতত অধ্যুষিত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, “ভাৰতৰ সংখ্যালঘুসকলৰ মাজত শিক্ষাৰ বিকাশৰ বাবে বহুতো কাম কৰা হৈছে, আৰু দুৰ্ভাগ্যবশতঃ বহুতো কৰিব লাগিব।”
অনুষ্ঠানত পি এ ইনামদাৰেকয়, “আমি কোনো নেতিবাচক কথা নকওঁ। আমি কিমান উপাৰ্জন কৰিছো আৰু উন্নয়নৰ বাবে আমি কিমান লাভ কৰিব লাগিব সেয়া আলোচনা কৰিব লাগিব। প্ৰযুক্তিয়ে এক উন্নত পৰিৱেশ সৃষ্টি কৰিব পাৰে আৰু শৈক্ষিক প্ৰগতিত অৰিহণা যোগাব পাৰে। চুবুৰীয়া সৰু প্ৰতিষ্ঠানবোৰক কেনেদৰে শক্তিশালী কৰিব লাগে সেই বিষয়ে আমি চিন্তা কৰি লাগিব।”
মাহবুবুল হকে কয়, “প্ৰতিষ্ঠান নিৰ্মাণৰ জৰিয়তে কোনো নিৰ্দিষ্ট স্থানৰ পৰিৱেশ সলনি কৰিব পাৰি আৰু অঞ্চলটোৰ জনসাধাৰণৰ বাবে প্ৰগতি আনিব পাৰে। আমি ভাৰতীয় হিচাপে কেৱল সংখ্যালঘুসকলৰ নহয়, প্ৰতিজন নাগৰিকৰ উন্নয়নৰ বাবে চিন্তা কৰিব লাগিব।”
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইউ এছ টি এমৰ ভি চি অধ্যাপক জি ডি শৰ্মাই ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ সন্দৰ্ভত উল্লেখ কৰি কয়, “ইউ এছ টি এমে প্ৰযুক্তিমুখী পাঠ্যক্ৰমৰ বাবে ৮২ জন শিক্ষক প্ৰস্তুত কৰি আছে। যাতে বিশ্ববিদ্যালয়খন প্ৰযুক্তিৰ জৰিয়তে এক গোলকীয় বিশ্ববিদ্যালয় হৈ পৰে। আমি উত্তৰ-পূৰ্বাঞ্চলত শান্তি স্থাপন কৰিব লাগিব যদিও শিক্ষাৰ মাধ্যম।”
এই সন্মিলনখনত সমগ্ৰ ভাৰতৰ অৰ্থনৈতিক বিশেষজ্ঞ, ব্যৱসায়িক নেতা, উদ্যোগী, সমাজকৰ্মী আৰু পেছাদাৰীসকলে অংশগ্ৰহণ কৰিছে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *

Recent Posts

The Race to the Top: Africa’s Business Heroes 2025

The Race to the Top: Africa’s Business Heroes 2025

Maeeshat News Network | Senegal In the vibrant heart of Dakar, Senegal, the air buzzed with anticipation. It was September 10, 2025, and the Semi-finals of the Africa’s Business Heroes (ABH) Prize Competition were about to begin. From a staggering 32,000 applications...

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *